Showing posts with label Papon. Show all posts
Showing posts with label Papon. Show all posts

Thursday, February 9, 2012

জোনোৱালি নিশাৰ

  • জোনোৱালি নিশাৰ
    ৰূপোৱালি পোহৰে,
    চকুৰ পাহিত কাৰ
    ছবি আঁকি যায়,
    চকুৰ পাহিত কাৰ
    ছবি আঁকি যায়,
    জোনোৱালি নিশাৰ
    ৰূপোৱালি পোহৰে,
    চকুৰ পাহিত কাৰ
    ছবি আঁকি যায়,
    চকুৰ পাহিত কাৰ
    ছবি আঁকি যায়;

    জিকিমিকি জিকিমিকি
    কাৰ সোণ পখিলা,
    নাছি নাছি আহি
    ৰুণুজুণুকৈ নুপুৰ বজায়,
    জিকিমিকি জিকিমিকি
    কাৰ সোণ পখিলা,
    নাছি নাছি আহি
    ৰুণুজুণুকৈ নুপুৰ বজায়;
    জোনোৱালি নিশাৰ
    ৰূপোৱালি পোহৰে,
    চকুৰ পাহিত কাৰ
    ছবি আঁকি যায়,
    চকুৰ পাহিত কাৰ
    ছবি আঁকি যায়;

    পাখি কৰে ৰুণ্ ৰুণ্
    গান গায় গুন্ গুন্,
    পাখি কৰে ৰুণ্ ৰুণ্
    গান গায় গুন্ গুন্,
    হাঁহি হাঁহি দেখুৱায়
    অঁকাবকা চকামকা
    ৰঙা সপোন,
    হাঁহি হাঁহি দেখুৱায়
    অঁকাবকা চকামকা
    ৰঙা সপোন;

    জোনোৱালি নিশাৰ
    ৰূপোৱালি পোহৰে
    চকুৰ পাহিত কাৰ
    ছবি আঁকি যায়,
    চকুৰ পাহিত কাৰ
    ছবি আঁকি যায়,
    জোনোৱালি নিশাৰ
    ৰূপোৱালি পোহৰে
    চকুৰ পাহিত কাৰ
    ছবি আঁকি যায়,
    চকুৰ পাহিত কাৰ
    ছবি আঁকি যায় ৷
  • Jonowali nishar
    Rupowali pohore,
    Sakur pahit kar
    Sobi aki jai,
    Sakur pahit kar
    Sabi aki jai,
    Jonowali nishar
    Rupowali pohore,
    Sakur pahit kar
    Sobi aki jai,
    Sakur pahit kar
    Sabi aki jai,

    Jikimiki jikimiki
    Kar son pakhila,
    Nachi nachi ahi
    Runujunu nupur bajai,
    Jikimiki jikimiki
    Kar son pakhila,
    Nachi nachi ahi
    Runujunu nupur bajai,
    Jonowali nishar
    Rupowali pohore,
    Sakur pahit kar
    Sobi aki jai,
    Sakur pahit kar
    Sabi aki jai,

    Pakhi kore run jun
    Gaan gai gun gun,
    Pakhi kore run jun
    Gaan gai gun gun,
    Hahi hahi dekhuai
    Akabaka sokamaka
    Ronga sapon,
    Hahi hahi dekhuai
    Akabaka sokamaka
    Ronga sapon,

    Jonowali nishar
    Rupowali pohore,
    Sakur pahit kar
    Sobi aki jai,
    Sakur pahit kar
    Sabi aki jai,
    Sakur pahit kar
    Sabi aki jai,
    Jonowali nishar
    Rupowali pohore,
    Sakur pahit kar
    Sabi aki jai,

Tuesday, February 7, 2012

গছে গছে পাতি দিলে

  • গছে গছে পাতি দিলে
    ফুলৰে শৰাই,
    ৰাম ৰাম ফুলৰে শৰাই
    ফুলৰে শৰাই….
    ফুলৰে শৰাই….
    গছে গছে পাতি দিলে
    ফুলৰে শৰাই,
    ৰাম ৰাম ফুলৰে শৰাই
    ফুলৰে শৰাই….
    ফুলৰে শৰাই….

    কলীয়া ভোমোৰা
    গুঞ্জৰী আহে,
    কলীয়া ভোমোৰা
    গুঞ্জৰী আহে,
    গুন্ধকে ধিয়ায়
    ৰাম ৰাম গুন্ধকে ধিয়ায়,
    গুন্ধকে ধিয়ায়
    গুন্ধকে ধিয়ায়,

    কোনে গুলাপী সখীক
    চেনেহ আহি দিলে
    ৰূপতে ৰঙে চৰায়,
    কোনে গুলাপী সখীক
    চেনেহ আহি দিলে
    ৰূপতে ৰঙে চৰায়,
    উৰণীৰ তলতে পৰিমলৰেণু
    উৰুৱাই পৱনে দিলে বিলায়,
    উৰণীৰ তলতে পৰিমলৰেণু
    উৰুৱাই পৱনে দিলে বিলায়,

    গছে গছে পাতি দিলে
    ফুলৰে শৰাই,
    ৰাম ৰাম ফুলৰে শৰাই
    ফুলৰে শৰাই….
    ফুলৰে শৰাই….
    ফুলৰে শৰাই….
  • Gase gase pati dile
    Phulare sorai,
    Ramo ram phulare sorai
    Phulare sorai,
    Phulare sorai,
    Gase gase pati dile
    Phulare sorai,
    Ramo ram phulare sorai
    Phulare sorai,
    Phulare sorai,

    Kaliya bhomora
    Gunjari ahe,
    Kaliya bhomora
    Gunjari ahe,
    Gondhake dhiyai
    Ramo ram gondhake dhiyai,
    Gondhake dhiyai
    Gondhake dhiyai

    Kone golapi sakhik
    Seneh ani dile
    Rupate range sarai,
    Kone golapi sakhik
    Seneh ani dile
    Rupate range sarai,
    Uranir talate pari mala renu
    Uruai pavane dilehi bilai,
    Uranir talate pari mala renu
    Uruai pavane dilehi bilai,

    Gase gase pati dile
    Phulare sorai,
    Ramo ram phulare sorai
    Phulare sorai,
    Phulare sorai,
    Phulare sorai,

Monday, January 23, 2012

এজাক বতাহে

এজাক বতাহে ক’লে আহি,
মই নভবা কথাবোৰ,
এটি ফুলে কান্দি কান্দি,
ক’লেহি মনৰ কথাবোৰ,
মৰম কিদৰে
এজাক ধুমুহা হৈ,
বিছাৰি ফুৰিছে মোক,
এজাক বতাহে ক’লে আহি,
মই নভবা কথাবোৰ,
এটি ফুলে কান্দি কান্দি,
ক’লেহি মনৰ কথাবোৰ…
হাতত তোমাৰ ধৰি হাত,
পাৰ হৈ অহা সেই বাট,
এৰি অহা সেই খোজ,
আজিওটো আছে তাত,
এজাক উমাল সন্ধিয়া আছিলে য’ত,
তোমাক দিয়া এটি তেজৰঙী ফুল,
তুমি কিয় দিলা উভতাই
সেই তেজাল পাহিবোৰ,
তোমাৰ বুকুৰ উমত
আছিল জিপাল সময়বোৰ….
তথাপিও লাগে মোৰ,
তুমি নহয় বহু দূৰ,
তুলি ল’বা দুহাতত
মৰহিব ধৰা আশাবোৰ,
তোমাৰ কোমল পৰশত,
নাচিব মোৰ,
হেৰাই যোৱা এটি
সাতোৰঙী সুৰ….
এজাক বতাহে ক’লে আহি,
তুমিটো সদায় মোৰ,
বুকুৰ কোণতেই আছে
সেই জোনাকী ৰাতিবোৰ…..

নিয়ঁৰ সনা সন্ধিয়া


তোমাৰেই যেন,
আজি এই ৰাগে,
নিয়ঁৰটো ৰং সানে;
বুজা নুবুজা বহু  অবুজ আবেশ,
নিযঁৰৰেই দৰে….
নাজানো কিয় নামে এই এন্ধাৰ আজি,
কিয়নো সপোন ভাগে,
তোমাৰেই আশা মাঁথো দুচকুতে মোৰ,
নাজানো মনে কি বিচাৰে;
তোমাৰেই যেন,
আজি এই ৰাগে,
নিয়ঁৰটো ৰং সানে;
বুজা নুবুজা বহু  অবুজ আবেশ,
নিযঁৰৰেই দৰে….
দুচকুত আজি
তোমাৰেই মাথোঁ হেঁপাহ,
পোৱা নোপোৱাৰ সচাঁ-মিছা আশা,
দুচকুত আজি
তোমাৰেই মাথোঁ হেঁপাহ,
পোৱা নোপোৱাৰ সচাঁ-মিছা আশা;
পামনে তোমাকেই,
জোনাকৰেই মাজত,
পামনে তোমাকেই,
বুকুৰে সোঁমাজত,
পামনে তোমাকেই,
চাকিবোৰ জ্বলে যেতিয়া,
নিয়ঁৰ সনা মিঠা সন্ধিয়াত;
তোমাৰেই যেন,
আজি এই ৰাগে,
নিয়ঁৰটো ৰং সানে;
বুজা নুবুজা বহু  অবুজ আবেশ,
নিযঁৰৰেই দৰে….
সন্ধিয়া সৰা
নিয়ঁৰৰ দৰে,
আহিবানে ওচৰলৈ,
সন্ধিয়া হ’লে
মন জোনাকীৰ দৰে,
বাৰে বাৰে কিয় যে ৰৈ…
তোমাকে উজ্বলাই,
ই চোন জ্বলি যায়,
তোমাকে বিচৰা আবেগতে বৈ যায়,
ক’লা ডাৱৰ জাকে,
বৰষাই কিয় উটি যায়,
নিয়ঁৰ সনা মিঠা সন্ধিয়াত;
তোমাৰেই যেন,
আজি মিঠা ৰাগে,
নিয়ঁৰটো ৰং সানে;
বুজা নুবুজা বহু  অবুজ আবেশ,
নিযঁৰৰেই দৰে….
আ আ আ…..

Friday, April 1, 2011

মন যায়

মন যায় মোৰো মন যায়,
মন যায় মোৰো মন যায়,
চকুত চকু থৈ চাবলে,
লাহে লাহে ওচৰ পাবলে,
কাষে কাষে খোজ দিবলে,
মন যায় মোৰো মন যায়,
চকুত চকু থ’ব মন যায়…..
তোমাক দেখা পালে,
সপোন জাগি উঠে,
বুকুখনি হয় তাজমহল,
মন নদী হৈ,
মৰম সূঁতি বয়,
ঢৌবোৰো তাত হয় সাঁথৰ,
সমূখত যেতিয়া তোমাক দেখো,
যাযাবৰ অভিমান মুঠিতে ৰাখো,
সমূখত যেতিয়া তোমাক দেখো,
যাযাবৰ অভিমান মুঠিতে ৰাখো,
মন যায় মন যায় মন যায়…..
মন যায় মোৰো মন যায়,
মন যায় মোৰো মন যায়…..
উদাসী উদাসী গধুৰ পলকতে
জোৰ সপোন আহি বহে,
চুবুৰীয়া বহু সিহৰণে আহি
মোক অকলশৰীয়া কৰে,
মোৰ খোজৰ বাটত ছাঁয়া নামে,
তুমি পোহৰ দিয়া সাহনো বাঢ়ে,
মোৰ খোজৰ বাটত ছাঁয়া নামে,
তুমি পোহৰ দিয়া সাহনো বাঢ়ে,
মন যায় মন যায় মন যায়…..
মন যায় মোৰো মন যায়,
মন যায় মোৰো মন যায়…..
মোৰ বুলিবলে আছেহি বুকু
মৌ-মিঠা তোমাৰে অনুভৱ,
ভয় লাগে জানা
ক’থাৰে ক’বলে,
নাম দিয়া জানোছা সিহৰণ,
ক’বানে কিয় এনে ভাললগা
অসহায় অসহায় নিৰৱতা,
ক’বানে কিয় এনে ভাললগা
অসহায় অসহায় নিৰৱতা;
মন যায় মন যায় মন যায়…..
টুকুৰা টুকুৰা ভাঙি গুড়ি হোৱা,
মনটোক কিদৰে জোৰা দিওঁ,
খেলিমেলিবোৰে ধুই সেতা কৰা,
বুকুত কিহৰেনো ৰং সানো;
বেদনা বেদনা মোৰ ভালপোৱা,
তোমাক হেৰুৱাই পাথৰ হিয়া,
মন যায় মন যায় মন যায়,
মন যায় মোৰো মন যায়,
মন যায় মোৰো মন যায়;
সুখী হৈয়ে ৰোৱা মোৰ অবিহনে,
এয়া মোৰে শুভকামনা,
লাহে লাহে আঁতৰাই আনি ল’লো
মই মুখ তোমাৰ পৰা,
কিনো হ’ল,
সপোন সপোনেই ৰ’ল,
সাধনা আজি যে আধৰুৱা হ’ল,
কিনো হ’ল,
সপোন সপোনেই ৰ’ল,
সাধনা আজি যে আধৰুৱা হ’ল,
মন যায় মন যায় মন যায়,
মন যায় মন যায় মন যায়,
চকুত চকু থ’ব মন যায়…..

Wednesday, March 30, 2011

নীলা আকাশ

নীলা আকাশ, মেঘৰ আবাস,
বৰণীয়া পোহৰ এজাক,
ই ক’ৰপৰা আহি আছে !
নেজানো একোকে,
সঁচা-মিছা…..
অতি চিনাকি এজাক বৰষুণ,
নামিলেহি মোৰ চোতালতে,
অতি চিনাকি অনুভূতিবোৰ,
বাগৰ সলায় মোৰ হৃদয়তে,
মোৰ মনক জোকায়,
সেই বৰষুণজাকৰ দৰে সিও গুচি যায়,
বৰ অসহায়,
অসহায় লাগে সেই পৰতে,
বৰ অসহায়,
অসহায় লাগে সেই পৰতে কিয়?
সময় বালিৰ সোণোৱালী,
নিৰৱে তাইৰ চতুৰালি,
হাতৰ ফাঁকে সৰকি যায়,
নোৱাৰি ধৰিব…..
পাৰি জানো???
জিৰ্ জিৰ্ জিৰ্ জীৱন্ত,
চঞ্চল মনৰ নিজৰাতে,
কত হাঁহি শত অশ্ৰু,
উটি আহে উটি যায় নেদেখাকে ,
জিৰ্ জিৰ্ জিৰ্ জীৱন্ত
চঞ্চল মনৰ নিজৰাতে,
কত হাঁহি শত অশ্ৰু,
উটি আহে উটি যায় নেদেখাকে,
মোৰ মনে জানো বুজি পায়!
এই অভিনয় আঁৰে আঁৰে কোনে জুমি চায়
বৰ অসহায়,
অসহায় লাগে সেই পৰতে,
বৰ অসহায়,
অসহায় লাগে সেই পৰতে কিয়?
নীলা আকাশ, মেঘৰ আবাস,
বৰণীয়া পোহৰ এজাক,
ই ক’ৰপৰা আহি আছে?
নেজানো একোকে,
সঁচা-মিছা…..

জোনাকী ৰাতি

ক’ত এজাক, ক’ত এজাক…..
ক’ত এজাক, ক’ত এজাক…..
জোনাকী ৰাতি,
কিয়নো আহি…..
প্ৰতিটো সুৰটো ছবি আঁকিলি,
জোনাকী ৰাতি,
কিয়নো আহি…..
তোমাৰ দুচকোৱে মোক
নিশা কিয় কন্দুৱায়,
তোমাৰ মিঠা হাঁহিটিয়ে
মোক আজিও হঁহুৱায়,
তোমাৰ দুচকোৱে মোক
নিশা কিয় কন্দুৱায়,
তোমাৰ মিঠা হাঁহিটিয়ে
মোক আজিও হঁহুৱায়,
আজি নিশা জোনাকী পৰুৱাই
তোমাৰ ছবি কিয় উজ্বলায়
পাহৰিব নোৱাৰো মই তোমাক…..
ক’ত আছা তুমি আজি?
কাক চোৱা তুমি আজি?
কাৰ বাট চোৱা তুমি আজি?
কাৰ গান গোৱা তুমি আজি?
নাহিবা সপোনতে এতিয়া তুমি,
কিবা বিভীষিকা আহিছে নামি
জোনাকী ৰাতি…..
কিয়নো আহি
প্ৰতিটো সুৰটো ছবি আঁকিলি,
জোনাকী ৰাতি…..

জোনাকে বিছাৰে কি

জোনাকে বিছাৰে কি?
ফাগুণী বতাহে সুঁৱৰাই কি?
তোমাকে তোমাকে তোমাকে তোমাকে,
তোমাকে তোমাকে তোমাকে তোমাকে…..
জোনাকে বিছাৰে কি???
দোকমোকালি পুৱা কুলিৰ বিননী,
বেদনাই আহি দুচকো তিয়ায়,
বেদনাই আহি দুচকো তিয়ায়,
ডাৱৰে আৱৰে সপোন মোৰ,
বতাহে নিলে উৰুৱাই…..
জোনাকে বিছাৰে কি???
জোনাকৰে ৰাতি,
তিৰ্ বিৰ্ তৰায়ে,
কিনো মায়া সানে দুচকো যুৰি,
কিনো মায়া সানে দুচকো যুৰি,
মন মোৰ উৰি যায় দূৰণিলে,
আপোন গাঁৱৰ পদূলিলে…..
ফাগুণী বতাহে সুঁৱৰাই কি?
তোমাকে তোমাকে তোমাকে তোমাকে,
জোনাকে বিছাৰে কি?
জোনাকে বিছাৰে কি????

সপোনত আজি

সপোনত আজি,
দিঠকত আজি,
তোমাৰেই পৰশ;
সপোনত আজি,
দিঠকত আজি,
তোমাৰেই পৰশ;
বতাহত আজি,
উশাহত আজি,
তোমাৰেই পৰশ;
তোমাৰেই পৰশ সন্ধিয়াৰ আকাশত
ডাৱৰৰ আঁৰে লুকা-ভাকু খেলা
জিল্ মিল্ জোনৰ
সপোনত আজি,
দিঠকত আজি,
তোমাৰেই পৰশ;
তিৰ্ বিৰ্ তৰা জাকৰ মাজত
তোমাৰ কোমল নিবিৰ পৰশ;
ধুনীয়া সুৰ এটি,
উজাগৰী ৰাতি…..
গুণ গুণাই আছো,
নিৰৱতা ভাঙি…..
ধেমালি মন উৰি গুচি যায়,
ধেমালি মন উৰি গুচি যায়…..
বিছাৰি তোমাৰ সুৰীয়া ভাষা,
কণ্ঠৰ পৰশ,
সপোনত আজি
দিঠকত আজি,
তোমাৰেই পৰশ,
তোমাৰেই পৰশ…..
নিসংগতাৰ ৰাতিৰ
পল গণি শেষ নহয়,
কাষত তোমাক পোৱাৰ বাবে
আকূল হৃদয়…..
অবুজ কূলাহল
গুজৰি-গুমৰি মনতে ৰয়,
অভিমানৰ প্ৰাচীৰ ভাঙি
অশ্ৰু হৈ বয়…..
মনৰ এন্ধাৰ আঁতৰি যায়,
পক্ষীৰ মাতত ৰাতি পুৱায়…..
হিয়াতে আনে পুৱাৰে ৰাগে,
ন অনুভৱ…..
সপোনত আজি,
দিঠকত আজি,
বতাহত আজি,
তোমাৰ পৰশ ৷

গুণ গুণ গুণ গুণ কাণে কাণে

গুণ গুণ গুণ গুণ কাণে কাণে,
জিৰ্ জিৰ্ জিৰ্ জিৰ্ বৰষুণে,
গায় মাঁথো এই গান,
প্ৰভাতী পক্ষীৰ ধ্বনি,
আকাশে-বতাহে উৰি,
ৰিঙিয়াই ৰিঙিয়াই গায়,
অ’ অ’ অ’ অ’ অ’…..
গুণ গুণ গুণ গুণ কাণে কাণে,
জিৰ্ জিৰ্ জিৰ্ জিৰ্ বৰষুণে…..
কুলু কুলু নদী বয় কেতেকীৰ বিননীত,
গৰখীয়াৰ বাঁহীতে একেটা সুৰৰ কলি,
কুলু কুলু নদী বয় কেতেকীৰ বিননীত,
গৰখীয়াৰ বাঁহীতে একেটা সুৰৰ কলি,
দিশে দিশে মুখৰিত ছন্দ গানৰ,
শুনা মাঁথো শুনা অভিমানী প্ৰিয়া মোৰ,
দূৰণিত বহি তুমি শুনা,
অ’ অ’ অ’ অ’ অ’…..
গুণ গুণ গুণ গুণ কাণে কাণে…..
তৰাৰ আকাশতে ধ্ৰুৱতৰা জিলিকে,
নয়ন জোৰাই চোৱা কিনো বিতোপন দেখে,
তৰাৰ আকাশতে ধ্ৰুৱতৰা জিলিকে,
নয়ন জোৰাই চোৱা কিনো বিতোপন দেখে,
এন্ধাৰ-পোহৰ নীলা পুৱতিৰ সেই ক্ষণে,
আনে উৰুৱাই মলয়া বতাহে একেটা সুৰৰ ক’লি,
অ’ অ’ অ’ অ’ অ’…..
গুণ গুণ গুণ গুণ কাণে কাণে…..

মন উৰণীয়া পক্ষী

মন উৰণীয়া পক্ষী,
হেৰুৱা ঠিকনা বিছাৰি,
পাখি মেলো দূৰ নীলিমলে,
দিগন্তৰ সীমনালে,
মন উৰণীয়া পক্ষী…..
উৰি উৰি উৰি গধূলি,
পাওঁগৈ মই ঠাই যিখনি,
তাতে লওঁ জিৰণি,
নিশাটিৰ হওঁ আলহী…..
নতুন পুৱাই জগাই দিয়ে,
সপোনে আকৌ ৰিঙিয়াই মাতে,
মন উৰণীয়া পক্ষী…..
আজি যদি সাগৰে,
কাইলৈ মাতে মোক পাহাৰে,
চহৰৰ কোলাহলে,
গাঁৱৰ চহা জীৱনে,
সাদৰি মাতে মোক মহাকাশে,
যাযাবৰী মন,
যাযাবৰী মন,
যাযাবৰী মন উৰি ফুৰে,
মন উৰণীয়া পক্ষী…..
হেৰুৱা ঠিকনা বিছাৰি,
পাখি মেলো দূৰ নীলিমলে,
দিগন্তৰ সীমনালে,
এই মন উৰণীয়া পক্ষী…..

Tuesday, March 29, 2011

পাৰিবানে পূৰাব তুমি

Yadaa Yadaa hi dharmasya glaanirbhawati Bhaaratah,
Abhyuthaanamadharmasya tadaatmaanam srijaamyaham.

Paritraanaaya saadhunaam vinaashaya cha dushkritaam,
Dharmasansthaapanaarthaya Sambhawami yuge yuge.

পাৰিবানে পূৰাব তুমি,
বগা চাদৰ উকা কপাল,
পাৰিবানে পূৰাব তুমি,
ভঙা হিয়া উদং কোলা,
পাৰিবানে পূৰাব তুমি,
পাৰিবানে, পাৰিবানে কোৱা,
দিব চকুলো মচি,
যদি পাৰা জীৱন দিয়া,
দিব শান্তি-সুখ আনি,
পাৰা যদি হাঁহি দিয়া,
পাৰিবানে…..
কোন তুমি, তুমি কি বিছৰা,
নিৰপৰাধ শিশুৰ কোৱা কি অপৰাধ,
কোৱানা কোৱানা…..
দেখি-শুনি আজি চকু কিয় মুদা,
ন্যায় দিব কোনে, দুহাত কিয় বন্ধা,
ৰজা-মন্ত্ৰী খেল মাঁথো,
শেষ নহয় কাৰো সপোন,
টকা-পইচা আহে মাঁথো
আমি নহয় কাৰো আপোন…..
পাৰিবানে পূৰাব তুমি,
বগা চাদৰ উকা কপাল,
পাৰিবানে পূৰাব তুমি,
ভঙা হিয়া উদং কোলা,
পাৰিবানে পূৰাব তুমি,
পাৰিবানে, পাৰিবানে কোৱা,
দিব চকুলো মচি,
যদি পাৰা জীৱন দিয়া,
দিব শান্তি-সুখ আনি,
পাৰা যদি হাঁহি দিয়া,
পাৰিবানে…..

আকাশ আকাশ

আকাশ আকাশ তোমাৰ কথা
ডাৱৰ ডাৱৰ মোৰ মন,
সাঁথৰ সাঁথৰ তোমাৰ চকু
পাতল পাতল মোৰ উম,
তাকৰ তাকৰ তোমাৰ আশাত
বাখৰ হ’ব মোৰে বাট…..
আকাশ আকাশ তোমাৰ কথা
ডাৱৰ ডাৱৰ মোৰ মন;
নিশা যিমানেই গভীৰ হ’ব
সিমানে আশা বাঢ়ি যাব,
নিশা যিমানেই গভীৰ হ’ব
সিমানে আশা বাঢ়ি যাব,
নাই নালাগে আকাশৰ জোন-তৰা
নাই নালাগে মিছা মিছা মায়া,
যেনি যাওঁ তোমাকে দেখা যেন পাওঁ,
আকাশ আকাশ তোমাৰ কথা
ডাৱৰ ডাৱৰ মোৰ মন;
চেঁচা বতাহে দুগাল চুব
এপাল হেঁপাহো ৰৈ যাব,
চেঁচা বতাহে দুগাল চুব
এপাল হেঁপাহো ৰৈ যাব,
নাই নালাগে পদূলিৰ ফুল সৰা
নাই নালাগে অচিনা বাটচ’ৰা,
যেনি যাওঁ মাঁথো তোমাকে পাওঁ…..
আকাশ আকাশ তোমাৰ কথা
ডাৱৰ ডাৱৰ মোৰ মন;
সাঁথৰ সাঁথৰ তোমাৰ চকু
পাতল পাতল মোৰ উম,
তাকৰ তাকৰ তোমাৰ আশাত
বাখৰ হ’ব মোৰে বাট…..
আকাশ আকাশ তোমাৰ কথা
ডাৱৰ ডাৱৰ মোৰ মন ৷

মন মোৰ উৰি গুচি যায়

ফাগুণৰে পছোৱা বাঁ অ’…..
মন মোৰ উৰি গুচি যায়,
কিজানো পায়ো হেৰুৱায়,
মন মোৰ উৰি গুচি যায়,
কিজানো পায়ো হেৰুৱায়,
ফাগুণৰে উৰণীয়া বা,
অ’ আলসুৱা কঁহুৱাৰে ছাঁ;
পলাশৰ ৰঙা ৰঙা ফুলে,
কাণে কাণে যি কথানো ক’লে,
জাকি মাৰি উৰা পক্ষী জাকে,
আকাশৰ আন্ধাৰে-জোনাকে,
কলিজাৰ বেথা ঢালি ক’ব পাৰিবনে বাৰু
ক’ব পাৰিবনে সেই কথা;
আজি কিয় বাৰে বাৰে,
মনে যে মোৰ বিছাৰে,
আঁচলৰে বা জুৰণীয়া,
আজি যে উদাসী সন্ধিয়া,
অ’ ফাগুণৰে বাউলি বা,
লৈ যা মোক লৈ যা,
ফাগুণৰে উৰণীয়া বা
অ’ আলসুৱা কঁহুৱাৰে ছাঁ,
মন মোৰ উৰি গুচি যায়,
কিজানো পায়ো হেৰুৱায়,
মন মোৰ উৰি গুচি যায়,
কিজানো পায়ো হেৰুৱায়,
ফাগুণৰে উৰণীয়া বা
অ’ আলসুৱা কঁহুৱাৰে ছাঁ,
ফাগুণৰে উৰণীয়া বা
অ’ আলসুৱা কঁহুৱাৰে ছাঁ,
ফাগুণৰে উৰণীয়া বা ৷

Monday, March 28, 2011

পুৱাৰ ৰ’দালিয়ে

পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়,
পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়,
আহিবা তুমি পুৱা,
আজিয়েই ৰাতিপুৱা;
পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়,
পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়,
আহিবা তুমি পুৱা,
আজিয়েই ৰাতিপুৱা;
তুমি আহিলে দেখো পাহিবোৰে হাঁহি চায়,
দিঠকো যেন শুৱনি এক সপোন হৈ যায়,
তুমি আহিলে দেখো পক্ষীবোৰে গীত গায়,
মোৰো বাগিছাত যেন ফাগুণ সাৰ পায়,
পুৱাৰ দূবৰিত পৰা নিয়ঁৰেও যে মিচিকায়,
শৰতেও মিঠা হাঁহি মাৰি আজি সাৰ পায়,
তোমাৰ অহা বাতৰি পায়;
পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়,
পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়,
আহিবা তুমি পুৱা,
আজিয়েই ৰাতিপুৱা;
তুমি নাহিলে দেখো বতাহো বতাহো ৰৈ যায়,
ফুলৰ সুবাস দেখো ম্লান হৈ যায়,
নিয়ঁৰ চুব খোজা আঙুলিও ৰৈ যায়,
সৰা শেৱালী দেখো মাটিতে মৰহি যায়;
তোমাৰ খোজৰ বাবে বাট চায় বাট চায়,
তুমি নাহিলে কিয় সকলো অসহায়,
নাহা কিয় সঘনায়?
পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়,
পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়,
আহিবা তুমি পুৱা,
আজিয়েই ৰাতিপুৱা ৷

Thursday, March 24, 2011

ঢৌৱে ঢৌৱে

ঢৌৱে ঢৌৱে নৈয়ে কি কথা পাতিছে
ঢৌৱে ঢৌৱে নৈয়ে কি কথা পাতিছে,
মনে অকলে কাৰ কথা ভাবিছে
মনে অকলে অকলে কাৰ কথা ভাবিছে,
ঢৌৱে ঢৌৱে নৈয়ে কি কথা পাতিছে এয়া,
ঢৌৱে ঢৌৱে নৈয়ে কিনো যে কথা পাতে
দূৰণিৰে থূপি তৰা জুমি জুমি চায়,
বুকুৰে গোপন বেথা কোনেও দেখা নাই অ’
ৰিঙা ৰিঙা লাগে ৰিঙা ৰিঙা লাগে
ৰিঙা ৰিঙা লাগে কিয় যে আজি…..
ইমান সপোন মোৰ ঢৌৱে ঢৌৱে যায় উটি…..
সোণ পুৱতিৰ পৰা ওৰে জীৱন জুৰি,
ওৰে জীৱন ৰাখিছিলো সাঁচি…..
কোনে আহি জানো অজানিতে দিলেহি মচি,
বুকুৰ ইমান বেথা তই জানো জান মোৰ নদী
বুকুৰ ইমান বেথা জান জানো তয়ে মোৰ নদী…..
মোৰ বুকুখনে ইমান উচুপে কিয় জানা জানো তুমি?
ঘূৰি চাবৰ বাবে জানো আজৰি পোৱা তুমি…..
সেই আগৰ দৰে বাউলি হোৱানে মোৰ মাতটো শুনি?
জ্বলেনে জুই উমি উমি…..
ঢৌৱে ঢৌৱে নৈয়ে কি কথা পাতিছে,
মনে অকলে কাৰ কথা ভাবিছে
মনে অকলে অকলে কাৰ কথা ভাবিছে
ঢৌৱে ঢৌৱে নৈয়ে কিনো যে কথা পাতে
ঢৌৱে ঢৌৱে নৈয়ে কি কথা পাতিছে এয়া ৷
অ’ মোৰ নদী…..

Wednesday, March 23, 2011

এইবেলি মোক

এইবেলি মোক বুকুতে ৰাখি,
এইবেলি মোক লোৱাহি ঢাকি,
এইবেলি মোক আঁচলতে তোমাৰ
চাওঁতে চাওঁতে পুৱাব প্ৰতিটো পল, প্ৰতিটো ৰাতি…..
এইবেলি হওঁক এই পৃথিৱী সাক্ষী,
আৱেগেৰে জ্বলোৱা চাকি…..
তোমাৰে কথা ভাবি পাৰ হয় সময়,
আন কাৰো বাবেচোন মোৰ জানো আজৰি যে নহয়,
জোনৰে দেশৰ লৈ আহা বাতৰি
নেলাগে জানা সোণ মোক একো বাকী…..
এইবেলি মোক নথবা ৰাখি,
মৰমেৰে লোৱাহি আঁৱৰি…..
প্ৰতিটো নিশা সপোনত আহি,
চুমা আঁকি…..
ঢালি যোৱা মিঠা মিঠা তোমাৰ সুবাস এচাটি
উৰু উৰু মন ৰাঁখোনো কিদৰে
উৰিম আকৌ এইবেলি পখী হৈ…..
এইবেলি হওঁক জোন তৰা সাক্ষী,
মিলনৰে এটি মিঠা ৰাতি,
এইবেলি হওঁক…..
চাওঁতে চাওঁতে পুৱাব প্ৰতিটো পল, প্ৰতিটো ৰাতি…..
এইবেলি হওঁক এই পৃথিৱী সাক্ষী,
আৱেগেৰে জ্বলোৱা চাকি…..