Saturday, January 28, 2012

এজাৰ ফুলা দেখি

  • এজাৰ ফুলা দেখি
    বেজাৰ কিয় কৰ,
    কিয় মনে মাৰি থাক,
    মোৰ দেহী ঐ,
    আছেনে মোলৈ তোলৈ
    যিটো মোৰ চিত;
    অ’…এজাৰ ফুলা দেখি
    বেজাৰ কিয় কৰ,
    কিয় মনে মাৰি থাক,
    মোৰ দেহী ঐ,
    আছেনে মোলৈ তোলৈ
    যিটো মোৰ চিত;

    বতৰৰ বাতৰি কওঁ
    শুন সদৰি,
    কেলৈ আঁচু সূতা চিঙ
    মোৰে সাদৰি,
    নেপাওঁ আজৰি
    নেযাওঁ মই পাহৰি অ’…
    বতৰৰ বাতৰি কওঁ
    শুন সদৰি,
    কেলৈ আঁচু সূতা চিঙ
    মোৰে সাদৰি,
    নেপাওঁ আজৰি
    নেযাওঁ মই পাহৰি অ’…
    তোৰে ছাঁটো হৈ থাকো
    কিয় মনে মাৰি থাক
    মোৰ দেহী ঐ….
    আছেনে মোলৈ তোলৈ
    যিটো মোৰ চিত;

    এ এ এ….
    বজাক বা নবজাক
    ঢুলীয়াই খুলীয়াই অ’…
    আহক বা নাহক ঐ…
    আমাৰ ৰাহি-যোৰা ঐ…
    বজাক বা নবজাক
    ঢুলীয়াই খুলীয়াই অ’…
    আহক বা নাহক ঐ…
    আমাৰ ৰাহি-যোৰা ঐ…

    এষাৰ কথা আছে মনত,
    কালৈ যুকীয়াই থৈছ লুকুৱাই,
    ওমলা ববছা-বনত মাহ-হালধী,
    ল মাধৈ মালতী,
    মৰো ঐ তোৰে মৰমত,
    মৰো ঐ তোৰে মৰমত
    মোৰ দেহী ঐ…
    আছেনে মোলৈ তোলৈ
    যিটো মোৰ চিত;

    অ’ এজাৰ ফুলা দেখি
    বেজাৰ কিয় কৰ,
    কিয় মনে মাৰি থাক,
    মোৰ দেহী ঐ,
    আছেনে মোলৈ তোলৈ
    যিটো মোৰ চিত;
    আছেনে মোলৈ তোলৈ
    যিটো মোৰ চিত;
    আছেনে মোলৈ আছেনে তোলৈ
    আছেনে মোলৈ আছেনে তোলৈ
    আছেনে মোলৈ আছেনে তোলৈ
    যিটো মোৰ চিত…..
  • Ejar phula dekhi
    Bejar kiya kara,
    Kiyo mane mari thako,
    Mor dehi oi,
    Asene moloi toloi
    Jito mor sit;
    O’ ejar phula dekhi
    Bejar kiya kara,
    Kiyo mane mari thako,
    Mor dehi oi,
    Asene moloi toloi
    Jito mor sit;

    Batarar batari kao
    Sun sadari,
    Kelei asu suta singo
    Mor sadari,
    Nepao ajari
    Nejao mai pahari o’…
    Batarar batari kao
    Sun sadari,
    Kelei asu suta singo
    Mor sadari,
    Nepao ajari
    Nejao mai pahari o’…
    Tore sato hoiye thako
    Kiyo mane mari thako
    Mor dehi oi,
    Asene moloi toloi
    Jito mor sit;

    E e e ….
    Bajak ba nabajak
    Dhuliyai khuliyai oi’…
    Ahak ba nahak oi…
    Aamar rahi jora oi…
    Bajak ba nabajak
    Dhuliyai khuliyai oi’…
    Ahak ba nahak oi…
    Aamar rahi jora oi…

    Eshar kotha ase manat,
    Kaloi jukiyai thaiso lukuai,
    Omala babasa banat maah haladhi,
    La madhai malati,
    Maro oi tore maramat,
    Maro oi tore maramat
    Mor dehi oi…
    Asene moloi toloi
    Jito mor sit;

    O’ ejar phula dekhi
    Bejar kiya kara,
    Kiyo mane mari thako,
    Mor dehi oi,
    Asene moloi toloi
    Jito mor sit;
    Asene moloi toloi
    Jito mor sit;
    Asene moloi toloi
    Asene moloi toloi
    Asene moloi toloi
    Jito mor sit;

Thursday, January 26, 2012

কাউৰী পৰে


  • কাউৰী পৰে,
    কলৰে পাততে কাউৰী পৰে,
    আগলতী চিত মোৰ লৰে চৰে,
    দোম দোম ডবাতে কোনে কোব মাৰে,
    আশাৰৰ ডাৱৰৰ আঁৰে আঁৰে,
    অ’ অ’ জেউতী তোলৈ মোৰ মনত পৰে,
    অ’ অ’ জেউতী তোলৈ মোৰ মনত পৰে;
    কাউৰী পৰে…..

    পাখিত লগাই পাখি জাকি মাৰে উৰে বগ,
    জাকি মাৰি উৰে,
    পাখিত লগাই পাখি জাকি মাৰে উৰে বগ,
    জাকি মাৰি উৰে;
    উৰণীয়া মন মোৰ বান্ধিব নোৱাৰো,
    উৰণীয়া মন মোৰ বান্ধিব নোৱাৰো,
    অ’ অ’ জেউতী তোৰ কাষলৈ উৰা মাৰে;
    কাউৰি পৰে…….

    অ’ অ’ অ’……
    পথাৰত যদিহে উঠিছে ঢল,
    হেৰুৱাই নিদিবি মনৰে বল;
    ৰাইজে মাৰিব ওখকৈ ভেটা,
    ঢলে এৰি যাব পলসৰ এঠা,
    বাৰিষা আহিছে ধাৰাসাৰে
    মৈ দিয়া বোকাই মোৰ মন কাঢ়ে;
    কাউৰি পৰে…….

    চকুৰে নেদেখা দূৰণীতে,
    আছোহি পিয়নৰ চাকৰিতে;
    চকুৰে নেদেখা দূৰণীতে,
    আছোহি পিয়নৰ চাকৰিতে;
    কোমল ধানৰ কঠীয়া পৰালিলে নাই,
    বকুল পৰাৰ কোচ ললিনে নাই,
    মন মোৰ উচ-পিচ কৰে;
    কাউৰি পৰে…….

    চিঠিৰ বুজা মই পিঠিত বান্ধি লৈ
    পৰৰ চেনেহ কঢ়িয়াওঁ,
    মোৰহে চেনেহীয়ে কিনো ভাবিছে
    তাৰ একো গমকে নাপাওঁ;
    চিঠিৰ বুজা মই পিঠিত বান্ধি লৈ
    পৰৰ চেনেহ কঢ়িয়াওঁ,
    মোৰহে চেনেহীয়ে কিনো ভাবিছে
    তাৰ একো গমকে নাপাওঁ;

    যোৱাবেলি আঘোণতে….
    জেউতীৰে কোলাতে,
    এৰি অহা সৰু পোনাটিৰ,
    আজি থুনুক-থানাক মাতটি,
    ঘুনুক-ঘানাক উটি আহে;
    দেউতা বেগতে আহিবি,
    আহোতে জোনোকা আনিবি;
    দেউতা বেগতে আহিবি,
    আহোতে জোনোকা আনিবি;
    অবুজ চকুলো মোৰ সৰে সৰে,
    অবুজ চকুলো মোৰ সৰে সৰে;
    কাউৰি পৰে…….

    জেউতী অ’….
    পোনাটি অ’….
    কুশলে আছনে…. ছাগে অ’ অ’ অ’……

  • Kaori pare,
    Kalare patate kaori pare,
    Aglati sit mor lare sare,
    Dom dom dabate kone kob maare,
    Asarar daorar aare aare,
    O o jeuti toloi mor manat pare,
    O o jeuti toloi mor manat pare.
    Kaori pare..

    Pakhit lagai pakhi jaki mari ure bog,
    Jaki mari ure,
    Pakhit lagai pakhi jaki mari ure bog,
    Jaki mari ure,
    Uraniya mon mor bandhibo noaro,
    Uraniya mon mor bandhibo noaro,
    O o jeuti tor kasoloi ura mare;
    Kaori pare..

    O o o……
    Patharat jadihe uthise dhal,
    Heruai nidibi manare bal;
    Raije mariba okhatoi bheta,
    Dhale eri jabo palasar etha,
    Barisa ahise dharasare
    Moi diya bokai mor mon karhe;
    Kaori pare…….

    Sakure nedekha duranite,
    Asohi piyanar sakorite;
    Sakure nedekha duranite,
    Asohi piyanar sakorite;
    Komal dhanar kathiya paralile nai,
    Bakul parar koch lalile nai,
    Mon mor uspis kare;
    Kaori pare…….

    Sithir boja moi pithit bandhi lai
    Parar seneh karhiyao,
    Morhe senehiye kino bhabise
    Taar eko gamake napao;
    Sithir boja moi pithit bandhi lai
    Parar seneh karhiyao,
    Morhe senehiye kino bhabise
    Taar eko gamake napao;

    Joabeli aghonate….
    Jeutire kolate,
    Eri saha saru ponatir,
    Aji thunuk thanak maat ti,
    Ghunuk ghanak uti aahe;
    Deuta begete aahibi,
    Ahote junuka anibi;
    Deuta begete aahibi,
    Ahote junuka anibi;
    Abuj sakulo mor sare sare,
    Abuj sakulo mor sare sare,
    Kaori pare…….

    Jeuti o’….
    Ponati o’….
    Kushale asone…. Sage o o o ……

Tuesday, January 24, 2012

মানুহে মানুহৰ বাবে

  • মানুহে মানুহৰ বাবে,
    যদিহে অকণো নেভাবে,
    অকণি সহানুভূতিৰে
    ভাবিব কোনেনো কোৱা সমনীয়া….
    মানুহে মানুহৰ বাবে,
    যদিহে অকণো নেভাবে,
    অকণি সহানুভূতিৰে
    ভাবিব কোনেনো কোৱা সমনীয়া….

    মানুহে মানুহৰ বাবে…..

    মানুহে মানুহক বেছিব খুজি,
    মানুহে মানুহক কিনিব খুজি,
    মানুহে মানুহক বেছিব খুজি,
    মানুহে মানুহক কিনিব খুজি,
    পুৰণি ইতিহাস দুহাৰিলে
    ভুল জানো নহ’ব কোৱা সমনীয়া….

    মানুহে মানুহৰ বাবে,
    যদিহে অকণো নেভাবে,
    অকণি সহানুভূতিৰে
    ভাবিব কোনেনো কোৱা সমনীয়া….

    মানুহে মানুহৰ বাবে…..

    দুৰ্বল মানুহে যদি,
    জীৱনৰ কোবাল নদীত,
    পাৰ হয় তোমাৰে সাহত,
    তুমি হেৰুৱাবানো কি ?
    দুৰ্বল মানুহে যদি,
    জীৱনৰ কোবাল নদীত,
    পাৰ হয় তোমাৰে সাহত,
    তুমি হেৰুৱাবানো কি ?
    মানুহ যদিহে নহয় মানুহ,
    দানৱ কাহানিও নহয় মানুহ,
    মানুহ যদিহে নহয় মানুহ,
    দানৱ কাহানিও নহয় মানুহ,
    যদি দানৱ কাহানিবা হয়েই মানুহ,
    লাজ পাব কোনেনো কোৱা সমনীয়া….

    মানুহে মানুহৰ বাবে,
    যদিহে অকণো নেভাবে,
    অকণি সহানুভূতিৰে
    ভাবিব কোনেনো কোৱা সমনীয়া….
    মানুহে মানুহৰ বাবে,
    যদিহে অকণো নেভাবে,
    অকণি সহানুভূতিৰে
    ভাবিব কোনেনো কোৱা সমনীয়া….

    মানুহে মানুহৰ বাবে…..
  • Manuhe manuhar baabe,
    Jadihe akano nebhabe,
    Akani sahanubhutire
    Bhabiba koneno koa samaniya….
    Manuhe manuhar baabe,
    Jadihe akano nebhabe,
    Akani sahanubhutire
    Bhabiba koneno koa samaniya….

    Manuhe manuhar baabe...

    Manuhe manuhak besiba khuji,
    Manuhe manuhak kiniba khuji,
    Manuhe manuhak besiba khuji,
    Manuhe manuhak kiniba khuji,
    Purani itihash doharile
    Bhul jano nahaba koa, samaniya….

    Manuhe manuhar baabe,
    Jadihe akano nebhabe,
    Akani sahanubhutire
    Bhabiba koneno koa samaniya….

    Manuhe manuhar baabe...

    Durbal manuhe jadi,
    Jibanar kobal nadi,
    Paar hai tomare sahat,
    Tumi heruabano ki ?
    Durbal manuhe jadi,
    Jibanar kobal nadi,
    Paar hai tomare sahat,
    Tumi heruabano ki ?
    Manuh jadihe nahai manuh,
    Danav kahanio nahai manuh,
    Manuh jadihe nahai manuh,
    Danav kahanio nahai manuh,
    Jadi danav kahaniba hai manuh,
    Laaz pabo koneno koa, samaniya….

    Manuhe manuhar baabe,
    Jadihe akano nebhabe,
    Akani sahanubhutire
    Bhabiba koneno koa samaniya….
    Manuhe manuhar baabe,
    Jadihe akano nebhabe,
    Akani sahanubhutire
    Bhabiba koneno koa samaniya….

    Manuhe manuhar baabe...

ৰুণজুণ নুপৰে মাতে

ৰুণজুণ ৰুণজুণ…
ৰুণজুণ ৰুণজুণ…
ৰুণজুণ নুপুৰে মাতে,
কি সাজ সাজে কুঁহিপাতে,
মন মোৰ বলিয়া কৰে,
কুহু কুহু কুলিৰ মাতে;
ৰুণজুণ নুপুৰে মাতে,
কি সাজ সাজে কুঁহিপাতে,
মন মোৰ বলিয়া কৰে,
কুহু কুহু কুলিৰ মাতে;
মন মোৰ উৰি যায়,
চমকি থমকি ৰয়…..
ৰুণজুণ নুপুৰে মাতে,
কি সাজ সাজে কুঁহিপাতে,
মন মোৰ বলিয়া কৰে,
কুহু কুহু কুলিৰ মাতে;
অ’ অ’ অ’……
যৌৱন যমুনাৰ পাৰতে,
কিবা ভাবি-গুনি আজি মনতে,
মনত পৰিছে মন উতলা সুৰ;
যৌৱন যমুনাৰ পাৰতে,
কিবা ভাবি-গুনি আজি মনতে,
মনত পৰিছে মন উতলা সুৰ;
মন মোৰ উৰি যায়,
চমকি থমকি ৰয়…..
ৰুণজুণ নুপুৰে মাতে,
কি সাজ সাজে কুঁহিপাতে,
মন মোৰ বলিয়া কৰে,
কুহু কুহু কুলিৰ মাতে…..
ফাগুণৰ মধুৰ বা আহি
বাজিছিল তাহানি ইয়াতে;
ফাগুণ আহিছে
পলাশ-বননী শুৱাই;
ফাগুণৰ মধুৰ বা আহি
বাজিছিল তাহানি ইয়াতে;
ফাগুণ আহিছে
পলাশ-বননী শুৱাই;
মন মোৰ উৰি যায়,
চমকি থমকি ৰয়….
ৰুণজুণ নুপুৰে মাতে,
কি সাজ সাজে কুঁহিপাতে,
মন মোৰ বলিয়া কৰে,
কুহু কুহু কুলিৰ মাতে;
ৰুণজুণ ৰুণজুণ…
ৰুণজুণ ৰুণজুণ…
ৰুণজুণ নুপুৰে মাতে,
কি সাজ সাজে কুঁহিপাতে,
মন মোৰ বলিয়া কৰে,
কুহু কুহু কুলিৰ মাতে…..

কেতয়াবা বেজাৰতে

কেতিয়াবা বেজাৰতে,
টোপনি নাহিলে মোৰ,
কপালতে যেন হাতযোৱা বুলাই,
কপালতে যেন হাতযোৱা বুলাই;
কেতিয়াবা বেজাৰতে,
টোপনি নাহিলে মোৰ,
কপালতে যেন হাতযোৱা বুলাই,
কপালতে যেন হাতযোৱা বুলাই;
তুমিয়েই দেখোন মোৰেই আই,
তুমিয়েই দেখোন মোৰেই আই,
কান্দি কান্দি ভাগৰোতে
মৰমেৰে দিছিলা শুৱাই,
মৰমেৰে দিছিলা শুৱাই;
হয়তু আজি গাঁৱৰ পঁজাত
হয়তু আজি গাঁৱৰ পঁজাত,
আছা বহি মোকেই ধিয়াই,
গোঁসাই ঘৰত বন্তি জ্বলাই
গোঁসাই ঘৰত বন্তি জ্বলাই;
কেতিয়াবা বেজাৰতে,
টোপনি নাহিলে মোৰ,
কপালতে যেন হাতযোৱা বুলাই,
কপালতে যেন হাতযোৱা বুলাই;
কেতিয়াবা বেজাৰতে,
টোপনি নাহিলে মোৰ,
কপালতে যেন হাতযোৱা বুলাই,
কপালতে যেন হাতযোৱা বুলাই,
কপালতে যেন হাতযোৱা বুলাই…..

Monday, January 23, 2012

এজাক বতাহে

এজাক বতাহে ক’লে আহি,
মই নভবা কথাবোৰ,
এটি ফুলে কান্দি কান্দি,
ক’লেহি মনৰ কথাবোৰ,
মৰম কিদৰে
এজাক ধুমুহা হৈ,
বিছাৰি ফুৰিছে মোক,
এজাক বতাহে ক’লে আহি,
মই নভবা কথাবোৰ,
এটি ফুলে কান্দি কান্দি,
ক’লেহি মনৰ কথাবোৰ…
হাতত তোমাৰ ধৰি হাত,
পাৰ হৈ অহা সেই বাট,
এৰি অহা সেই খোজ,
আজিওটো আছে তাত,
এজাক উমাল সন্ধিয়া আছিলে য’ত,
তোমাক দিয়া এটি তেজৰঙী ফুল,
তুমি কিয় দিলা উভতাই
সেই তেজাল পাহিবোৰ,
তোমাৰ বুকুৰ উমত
আছিল জিপাল সময়বোৰ….
তথাপিও লাগে মোৰ,
তুমি নহয় বহু দূৰ,
তুলি ল’বা দুহাতত
মৰহিব ধৰা আশাবোৰ,
তোমাৰ কোমল পৰশত,
নাচিব মোৰ,
হেৰাই যোৱা এটি
সাতোৰঙী সুৰ….
এজাক বতাহে ক’লে আহি,
তুমিটো সদায় মোৰ,
বুকুৰ কোণতেই আছে
সেই জোনাকী ৰাতিবোৰ…..

নিয়ঁৰ সনা সন্ধিয়া


তোমাৰেই যেন,
আজি এই ৰাগে,
নিয়ঁৰটো ৰং সানে;
বুজা নুবুজা বহু  অবুজ আবেশ,
নিযঁৰৰেই দৰে….
নাজানো কিয় নামে এই এন্ধাৰ আজি,
কিয়নো সপোন ভাগে,
তোমাৰেই আশা মাঁথো দুচকুতে মোৰ,
নাজানো মনে কি বিচাৰে;
তোমাৰেই যেন,
আজি এই ৰাগে,
নিয়ঁৰটো ৰং সানে;
বুজা নুবুজা বহু  অবুজ আবেশ,
নিযঁৰৰেই দৰে….
দুচকুত আজি
তোমাৰেই মাথোঁ হেঁপাহ,
পোৱা নোপোৱাৰ সচাঁ-মিছা আশা,
দুচকুত আজি
তোমাৰেই মাথোঁ হেঁপাহ,
পোৱা নোপোৱাৰ সচাঁ-মিছা আশা;
পামনে তোমাকেই,
জোনাকৰেই মাজত,
পামনে তোমাকেই,
বুকুৰে সোঁমাজত,
পামনে তোমাকেই,
চাকিবোৰ জ্বলে যেতিয়া,
নিয়ঁৰ সনা মিঠা সন্ধিয়াত;
তোমাৰেই যেন,
আজি এই ৰাগে,
নিয়ঁৰটো ৰং সানে;
বুজা নুবুজা বহু  অবুজ আবেশ,
নিযঁৰৰেই দৰে….
সন্ধিয়া সৰা
নিয়ঁৰৰ দৰে,
আহিবানে ওচৰলৈ,
সন্ধিয়া হ’লে
মন জোনাকীৰ দৰে,
বাৰে বাৰে কিয় যে ৰৈ…
তোমাকে উজ্বলাই,
ই চোন জ্বলি যায়,
তোমাকে বিচৰা আবেগতে বৈ যায়,
ক’লা ডাৱৰ জাকে,
বৰষাই কিয় উটি যায়,
নিয়ঁৰ সনা মিঠা সন্ধিয়াত;
তোমাৰেই যেন,
আজি মিঠা ৰাগে,
নিয়ঁৰটো ৰং সানে;
বুজা নুবুজা বহু  অবুজ আবেশ,
নিযঁৰৰেই দৰে….
আ আ আ…..