Tuesday, March 29, 2011

পাৰিবানে পূৰাব তুমি

Yadaa Yadaa hi dharmasya glaanirbhawati Bhaaratah,
Abhyuthaanamadharmasya tadaatmaanam srijaamyaham.

Paritraanaaya saadhunaam vinaashaya cha dushkritaam,
Dharmasansthaapanaarthaya Sambhawami yuge yuge.

পাৰিবানে পূৰাব তুমি,
বগা চাদৰ উকা কপাল,
পাৰিবানে পূৰাব তুমি,
ভঙা হিয়া উদং কোলা,
পাৰিবানে পূৰাব তুমি,
পাৰিবানে, পাৰিবানে কোৱা,
দিব চকুলো মচি,
যদি পাৰা জীৱন দিয়া,
দিব শান্তি-সুখ আনি,
পাৰা যদি হাঁহি দিয়া,
পাৰিবানে…..
কোন তুমি, তুমি কি বিছৰা,
নিৰপৰাধ শিশুৰ কোৱা কি অপৰাধ,
কোৱানা কোৱানা…..
দেখি-শুনি আজি চকু কিয় মুদা,
ন্যায় দিব কোনে, দুহাত কিয় বন্ধা,
ৰজা-মন্ত্ৰী খেল মাঁথো,
শেষ নহয় কাৰো সপোন,
টকা-পইচা আহে মাঁথো
আমি নহয় কাৰো আপোন…..
পাৰিবানে পূৰাব তুমি,
বগা চাদৰ উকা কপাল,
পাৰিবানে পূৰাব তুমি,
ভঙা হিয়া উদং কোলা,
পাৰিবানে পূৰাব তুমি,
পাৰিবানে, পাৰিবানে কোৱা,
দিব চকুলো মচি,
যদি পাৰা জীৱন দিয়া,
দিব শান্তি-সুখ আনি,
পাৰা যদি হাঁহি দিয়া,
পাৰিবানে…..

No comments:

Post a Comment