Wednesday, March 30, 2011

নীলা আকাশ

নীলা আকাশ, মেঘৰ আবাস,
বৰণীয়া পোহৰ এজাক,
ই ক’ৰপৰা আহি আছে !
নেজানো একোকে,
সঁচা-মিছা…..
অতি চিনাকি এজাক বৰষুণ,
নামিলেহি মোৰ চোতালতে,
অতি চিনাকি অনুভূতিবোৰ,
বাগৰ সলায় মোৰ হৃদয়তে,
মোৰ মনক জোকায়,
সেই বৰষুণজাকৰ দৰে সিও গুচি যায়,
বৰ অসহায়,
অসহায় লাগে সেই পৰতে,
বৰ অসহায়,
অসহায় লাগে সেই পৰতে কিয়?
সময় বালিৰ সোণোৱালী,
নিৰৱে তাইৰ চতুৰালি,
হাতৰ ফাঁকে সৰকি যায়,
নোৱাৰি ধৰিব…..
পাৰি জানো???
জিৰ্ জিৰ্ জিৰ্ জীৱন্ত,
চঞ্চল মনৰ নিজৰাতে,
কত হাঁহি শত অশ্ৰু,
উটি আহে উটি যায় নেদেখাকে ,
জিৰ্ জিৰ্ জিৰ্ জীৱন্ত
চঞ্চল মনৰ নিজৰাতে,
কত হাঁহি শত অশ্ৰু,
উটি আহে উটি যায় নেদেখাকে,
মোৰ মনে জানো বুজি পায়!
এই অভিনয় আঁৰে আঁৰে কোনে জুমি চায়
বৰ অসহায়,
অসহায় লাগে সেই পৰতে,
বৰ অসহায়,
অসহায় লাগে সেই পৰতে কিয়?
নীলা আকাশ, মেঘৰ আবাস,
বৰণীয়া পোহৰ এজাক,
ই ক’ৰপৰা আহি আছে?
নেজানো একোকে,
সঁচা-মিছা…..

No comments:

Post a Comment