Friday, April 1, 2011

অমানিশা সাৰে আছে


অমানিশা সাৰে আছে,
আৰু সাৰে আছো মই…..
অমানিশা সাৰে আছে,
আৰু সাৰে আছো মই…..
এটি ছগা উৰি আছে,
কেনি জ্বলিছে হৃদয়…..
অমানিশা সাৰে আছে,
আৰু সাৰে আছো মই…..
এটি ছগা উৰি আছে,
কেনি জ্বলিছে হৃদয়…..
নাই শেৱালী নাই,
বকুলেও ঋতুলে আছে যে ৰৈ,
খুলি খুলি পাহি সৰা,
স্মৃতিয়ে মাঁথো যাতনা বিলায়,
অমানিশা সাৰে আছে,
আৰু সাৰে আছো মই…..
এটি ছগা উৰি আছে,
কেনি জ্বলিছে হৃদয়…..
দূৰ পোহৰ, দূৰ প্ৰহৰ,
দূৰ তৰাৰো চহৰ,
দেহ নিঠৰ, মন যঁথৰ,
দিশহাৰা হ’ল চবৰ,
দূৰ পোহৰ, দূৰ প্ৰহৰ,
দূৰ তৰাৰো চহৰ,
দেহ নিঠৰ, মন যঁথৰ,
দিশহাৰা হ’ল চবৰ,
চাই ছবিকে হায়,
কৰিছো নেদেখা জনক দোহাই,
গলি গলি নদী হোৱা,
চকুলোৱে যাতে সাগৰ তিয়ায়,
অমানিশা সাৰে আছে,
আৰু সাৰে আছো মই,
অমানিশা সাৰে আছে,
আৰু সাৰে আছো মই…..
এটি ছগা উৰি আছে,
কেনি জ্বলিছে হৃদয়…..
নাই শেৱালী নাই,
বকুলেও ঋতুলে আছে যে ৰৈ,
খুলি খুলি পাহি সৰা,
স্মৃতিয়ে মাঁথো যাতনা বিলায়,
অমানিশা সাৰে আছে,
আৰু সাৰে আছো মই…..
অমানিশা সাৰে আছে,
আৰু সাৰে আছো মই…..
হাঁহি-সাঁথৰ, চকু-বাখৰ,
চুমি বুকু হ’ল পাথৰ,
মিঠা মাতৰ মিঠা আদৰ,
মিঠা আঘাত হ’ল প্ৰাণৰ,
নীনাদেৰে আৱাহনী বিয়পাই,
কঁপি কঁপি কান্দি উঠা কলিজাই,
আজি পৃথিৱী কঁপায়…..
পৃথিৱী কঁপায়…..
পৃথিৱী কঁপায়…..

আগলী বাঁহৰে

অ’ অ’ অ’ অ’…..
হেই……
আগলী বাঁহৰে গগণা বজাওঁ,
মাতে লাহৰী-লাহৰীকৈ,
দেখিবৰে পৰা তোমাকে চাওঁ,
চকু নাযায় আন কালৈ,
লগৰী বোলোনে কোৱানা,
ঘোমটিৰ বেলাতে চিকুণী সপোনে,
তোমাক আনি বুকুতে থয়;
হেই……
আগলী বাঁহৰে গগণা বজাওঁ,
মাতে লাহৰী-লাহৰীকৈ,
দেখিবৰে পৰা তোমাকে চাওঁ,
চকু নাযায় আন কালৈ,
লগৰী বোলোনে কোৱানা,
ঘোমটিৰ বেলাতে চিকুণী সপোনে,
তোমাক আনি বুকুতে থয়;
হেই……
আগলী বাঁহৰে গগণা বজাওঁ,
মাতে লাহৰী-লাহৰীকৈ…..
ফুটুকীয়া সেই ফৰক চোলাটিৰে
তোমাক পাইছিলো ল’ৰালিত,
ফলি-কিতাপ লৈ বহিছিলা সোণ,
পাঠশালাৰে বাকৰিত,
ফুটুকীয়া সেই ফৰক চোলাটিৰে
তোমাক পাইছিলো ল’ৰালিত,
ফলি-কিতাপ লৈ বহিছিলা সোণ,
পাঠশালাৰে বাকৰিত,
সেঁচুকি থৈ যায় অতীতে,
হাতে বাওলি সোঁৱৰণে মাতে
মনটো যায় নিতে গাঁৱলৈ,
হেই…..
আগলী বাঁহৰে গগণা বজাওঁ,
মাতে লাহৰী-লাহৰীকৈ…..
চতীয়না জোপা একেই আছেনে,
তোমাৰ নঙলা মুখতে,
দুয়োৰে শৈশৱ লগতে ৰাখি থৈ
কুক-ভা এতিয়াও খেলানে??
চতীয়না জোপা একেই আছেনে,
তোমাৰ নঙলা মুখতে,
দুয়োৰে শৈশৱ লগতে ৰাখি থৈ
কুক-ভা এতিয়াও খেলানে??
নৈপৰীয়া বা ৰুণ্ জুণ্
উভটি আহিছো আপোন গাঁৱলৈ
আছা হ’বলা বাটে চাই…..
হেই……
আগলী বাঁহৰে গগণা বজাওঁ,
মাতে লাহৰী-লাহৰীকৈ,
দেখিবৰে পৰা তোমাকে চাওঁ,
চকু নাযায় আন কালৈ,
লগৰী বোলোনে কোৱানা,
ঘোমটিৰ বেলাতে চিকুণী সপোনে
তোমাক আনি বুকুতে থয়;
হেই……
আগলী বাঁহৰে গগণা বজাওঁ,
মাতে লাহৰী-লাহৰীকৈ…..
দেখিবৰে পৰা তোমাকে চাওঁ,
চকু নাযায় আন কালৈ,
লগৰী বোলোনে কোৱানা
ঘোমটিৰ বেলাতে চিকুণী সপোনে
তোমাক আনি বুকুতে থয়;
হেই……
আগলী বাঁহৰে গগণা বজাওঁ,
মাতে লাহৰী-লাহৰীকৈ…..

পাখি লগা মনে

পাখি লগা মনে,
কিয় বাৰে বাৰে
তোৰে কাষলে গুচি যায়,
অ’ অ’ অ’ অ’…..
অ’ অ’ অ’ অ’…..
তোৰে কথা ভাবি
উকা উৰুঙা লাগে,
একে থিৰে ক’ৰবালে চাই,
অ’ অ’ অ’ অ’…..
অ’ অ’ অ’ অ’…..
নপৰেনে মনতে
তাহানিৰে কথাবোৰ
ধূলি-মাকতিৰে খেলা
লুকা-চুৰি, ৰজা-দৌল,
এইটোনো কাৰ দৌল?
ৰজাৰ দৌল,
ভাঙিমনে নাভাঙিম?
নাভাঙিবা…..
অ’ অ’ অ’ অ’…..
হাৰিলেই যে পেছ্ ধৰা,
জিকিলেই যে কিৰিলি পৰা,
ঢাপলি মেলি ফুৰা,
উজুটিত চকুলো সৰা,
পলক জপাওঁতেই
সকলো সলনি,
সময় পাৰে হৈ
সকলো পূৰণি,
বিছাৰিলেও নোপোৱা
অ’ অ’ অ’ অ’…..
অ’ অ’ অ’ অ’…..
দূৰে দূৰে থাকিব
কাহানিবা লাগিব,
তোকে এৰি জাননে
নোৱাৰো যে ভাবিব,
ৰজাই হুকুম দিছে
এদিন ছেদিম বাঈ,
কি হুকুম দিছে?
এদিন ছেদিম বাঈ,
অ’ অ’ অ’ অ’…..
ৰজা ৰাণী খেলোতে
হাতে হাত ধৰোতে,
ভবা যে নাছিলো জান
এৰিবই নোৱাৰিমে,
ধেমালীতে খেলা,
ৰজা-ৰাণী হোৱা,
মচিব সঁচাকে,
কাহানিও নোৱাৰা,
তয়ো ভাবনে এতিয়া
অ’ অ’ অ’ অ’…..
অ’ অ’ অ’ অ’…..
পাখি লগা মনে,
কিয় বাৰে বাৰে
তোৰে কাষলে গুচি যায়,
অ’ অ’ অ’ অ’…..
অ’ অ’ অ’ অ’…..
তোৰে কথা ভাবি
উকা উৰুঙা লাগে,
একেথিৰে ক’ৰবালে চাই
অ’ অ’ অ’ অ’…..
অ’ অ’ অ’ অ’…..
অ’ অ’ অ’ অ’…..
অ’ অ’ অ’ অ’…..

মন যায়

মন যায় মোৰো মন যায়,
মন যায় মোৰো মন যায়,
চকুত চকু থৈ চাবলে,
লাহে লাহে ওচৰ পাবলে,
কাষে কাষে খোজ দিবলে,
মন যায় মোৰো মন যায়,
চকুত চকু থ’ব মন যায়…..
তোমাক দেখা পালে,
সপোন জাগি উঠে,
বুকুখনি হয় তাজমহল,
মন নদী হৈ,
মৰম সূঁতি বয়,
ঢৌবোৰো তাত হয় সাঁথৰ,
সমূখত যেতিয়া তোমাক দেখো,
যাযাবৰ অভিমান মুঠিতে ৰাখো,
সমূখত যেতিয়া তোমাক দেখো,
যাযাবৰ অভিমান মুঠিতে ৰাখো,
মন যায় মন যায় মন যায়…..
মন যায় মোৰো মন যায়,
মন যায় মোৰো মন যায়…..
উদাসী উদাসী গধুৰ পলকতে
জোৰ সপোন আহি বহে,
চুবুৰীয়া বহু সিহৰণে আহি
মোক অকলশৰীয়া কৰে,
মোৰ খোজৰ বাটত ছাঁয়া নামে,
তুমি পোহৰ দিয়া সাহনো বাঢ়ে,
মোৰ খোজৰ বাটত ছাঁয়া নামে,
তুমি পোহৰ দিয়া সাহনো বাঢ়ে,
মন যায় মন যায় মন যায়…..
মন যায় মোৰো মন যায়,
মন যায় মোৰো মন যায়…..
মোৰ বুলিবলে আছেহি বুকু
মৌ-মিঠা তোমাৰে অনুভৱ,
ভয় লাগে জানা
ক’থাৰে ক’বলে,
নাম দিয়া জানোছা সিহৰণ,
ক’বানে কিয় এনে ভাললগা
অসহায় অসহায় নিৰৱতা,
ক’বানে কিয় এনে ভাললগা
অসহায় অসহায় নিৰৱতা;
মন যায় মন যায় মন যায়…..
টুকুৰা টুকুৰা ভাঙি গুড়ি হোৱা,
মনটোক কিদৰে জোৰা দিওঁ,
খেলিমেলিবোৰে ধুই সেতা কৰা,
বুকুত কিহৰেনো ৰং সানো;
বেদনা বেদনা মোৰ ভালপোৱা,
তোমাক হেৰুৱাই পাথৰ হিয়া,
মন যায় মন যায় মন যায়,
মন যায় মোৰো মন যায়,
মন যায় মোৰো মন যায়;
সুখী হৈয়ে ৰোৱা মোৰ অবিহনে,
এয়া মোৰে শুভকামনা,
লাহে লাহে আঁতৰাই আনি ল’লো
মই মুখ তোমাৰ পৰা,
কিনো হ’ল,
সপোন সপোনেই ৰ’ল,
সাধনা আজি যে আধৰুৱা হ’ল,
কিনো হ’ল,
সপোন সপোনেই ৰ’ল,
সাধনা আজি যে আধৰুৱা হ’ল,
মন যায় মন যায় মন যায়,
মন যায় মন যায় মন যায়,
চকুত চকু থ’ব মন যায়…..