Tuesday, January 24, 2012

ৰুণজুণ নুপৰে মাতে

ৰুণজুণ ৰুণজুণ…
ৰুণজুণ ৰুণজুণ…
ৰুণজুণ নুপুৰে মাতে,
কি সাজ সাজে কুঁহিপাতে,
মন মোৰ বলিয়া কৰে,
কুহু কুহু কুলিৰ মাতে;
ৰুণজুণ নুপুৰে মাতে,
কি সাজ সাজে কুঁহিপাতে,
মন মোৰ বলিয়া কৰে,
কুহু কুহু কুলিৰ মাতে;
মন মোৰ উৰি যায়,
চমকি থমকি ৰয়…..
ৰুণজুণ নুপুৰে মাতে,
কি সাজ সাজে কুঁহিপাতে,
মন মোৰ বলিয়া কৰে,
কুহু কুহু কুলিৰ মাতে;
অ’ অ’ অ’……
যৌৱন যমুনাৰ পাৰতে,
কিবা ভাবি-গুনি আজি মনতে,
মনত পৰিছে মন উতলা সুৰ;
যৌৱন যমুনাৰ পাৰতে,
কিবা ভাবি-গুনি আজি মনতে,
মনত পৰিছে মন উতলা সুৰ;
মন মোৰ উৰি যায়,
চমকি থমকি ৰয়…..
ৰুণজুণ নুপুৰে মাতে,
কি সাজ সাজে কুঁহিপাতে,
মন মোৰ বলিয়া কৰে,
কুহু কুহু কুলিৰ মাতে…..
ফাগুণৰ মধুৰ বা আহি
বাজিছিল তাহানি ইয়াতে;
ফাগুণ আহিছে
পলাশ-বননী শুৱাই;
ফাগুণৰ মধুৰ বা আহি
বাজিছিল তাহানি ইয়াতে;
ফাগুণ আহিছে
পলাশ-বননী শুৱাই;
মন মোৰ উৰি যায়,
চমকি থমকি ৰয়….
ৰুণজুণ নুপুৰে মাতে,
কি সাজ সাজে কুঁহিপাতে,
মন মোৰ বলিয়া কৰে,
কুহু কুহু কুলিৰ মাতে;
ৰুণজুণ ৰুণজুণ…
ৰুণজুণ ৰুণজুণ…
ৰুণজুণ নুপুৰে মাতে,
কি সাজ সাজে কুঁহিপাতে,
মন মোৰ বলিয়া কৰে,
কুহু কুহু কুলিৰ মাতে…..

No comments:

Post a Comment