Tuesday, January 24, 2012

কেতয়াবা বেজাৰতে

কেতিয়াবা বেজাৰতে,
টোপনি নাহিলে মোৰ,
কপালতে যেন হাতযোৱা বুলাই,
কপালতে যেন হাতযোৱা বুলাই;
কেতিয়াবা বেজাৰতে,
টোপনি নাহিলে মোৰ,
কপালতে যেন হাতযোৱা বুলাই,
কপালতে যেন হাতযোৱা বুলাই;
তুমিয়েই দেখোন মোৰেই আই,
তুমিয়েই দেখোন মোৰেই আই,
কান্দি কান্দি ভাগৰোতে
মৰমেৰে দিছিলা শুৱাই,
মৰমেৰে দিছিলা শুৱাই;
হয়তু আজি গাঁৱৰ পঁজাত
হয়তু আজি গাঁৱৰ পঁজাত,
আছা বহি মোকেই ধিয়াই,
গোঁসাই ঘৰত বন্তি জ্বলাই
গোঁসাই ঘৰত বন্তি জ্বলাই;
কেতিয়াবা বেজাৰতে,
টোপনি নাহিলে মোৰ,
কপালতে যেন হাতযোৱা বুলাই,
কপালতে যেন হাতযোৱা বুলাই;
কেতিয়াবা বেজাৰতে,
টোপনি নাহিলে মোৰ,
কপালতে যেন হাতযোৱা বুলাই,
কপালতে যেন হাতযোৱা বুলাই,
কপালতে যেন হাতযোৱা বুলাই…..

No comments:

Post a Comment