-
গুপুতে গুপুতে কিমান খেলিম
আলিংগনৰ এই খেলা,
চতিয়াওঁ আহা আকাশে-বতাহে
দুয়োৰে ৰঙৰে মেলা,
গুপুতে গুপুতে কিমান খেলিম
আলিংগনৰ এই খেলা….
সমাজ আৰু সংস্কাৰক
দেখুৱাওঁ আহা প্ৰিয়া,
লুকাই নথৈ আমাৰ
দুখন সাগৰৰ দৰে হিয়া,
যৌৱনত জানো পাপ থাকে
প্ৰকাশ জানো বন্ধ থাকে
লহৰে জানো সাগৰক কৰে
কাহানিও অৱহেলা,
গুপুতে গুপুতে কিমান খেলিম
আলিংগনৰ এই খেলা….
তোমাৰ নয়ন যুৰি
তোমাৰ বুকুৰ পাপৰি,
প্ৰতি চাৱনি শুৱনি
প্ৰতি পৰশ লাৱনি,
বন্ধ ঘৰৰ খিৰিকি-দুৱাৰ
খোলা আজি প্ৰিয়া খোলা
নেলাগে আৰু দেখুৱাব আজি
শালীনতা-শৃংখলা,
মৰমত জানো নিয়ম থাকে
ধুমুহাৰ জানো পৰিধি থাকে
প্ৰভাতক জানো ঢাকিব পাৰি
পিন্ধাই লাজৰ মালা,
গুপুতে গুপুতে কিমান খেলিম
আলিংগনৰ এই খেলা…. -
Gupute gupute kiman khelim
Alinganar ei khela,
Satiyao aha akashe botahe
Duyure rangare mela,
Gupute gupute kiman khelim
Alinganar ei khela,
Samaj aru sanskarak
Dekhua aha priya,
Lukai nathai amar
Dukhan sagaror dore hiya ,
Jaobanat jano paap thake
Prakash jano bandha thake
Lahare jano sagarok kare
Kahanio abahela,
Gupute gupute kiman khelim
Alinganar ei khela...
Tomar nayan juri
Tomar bukur papari,
Priti chaoni suwani
Priti parash lawani,
Bandha gharar khiriki-duwar
Khola aji priya khola
Nelage aru dekhuaba aji
Salinata shrinkhala,
Maramat jano niyam thake
Dhumuhar jano paridhi thake
Prabhatak jano dhakiba pari
Pindhai lajor mela,
Gupute gupute kiman khelim
Alinganar ei khela...
Saturday, February 11, 2012
গুপুতে গুপুতে কিমান খেলিম
Labels:
Assamese,
Bhupen Hazarika,
Lyrics
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment