Tuesday, February 14, 2012

বিস্তীৰ্ণ পাৰৰে

  • বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে
    হাহাকাৰ শুনিও নিশব্দে নিৰৱে
    বুঢ়া লুইত তুমি
    বুঢ়া লুইত বোৱা কিয়,
    বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে
    হাহাকাৰ শুনিও নিশব্দে নিৰৱে
    বুঢ়া লুইত তুমি
    বুঢ়া লুইত বোৱা কিয়….

    নৈতিকতাৰ স্খলন দেখিও
    মানৱতাৰ পতন দেখিও
    নিৰ্লজ্জ অলখভাৱে বোৱা কিয়….

    জ্ঞানবিহীন নিৰক্ষৰৰ
    খাদ্যবিহীন নাগৰিকৰ
    নেত্ৰীবিহীনতাত নিমাত কিয়,
    সহস্ৰ বাৰিষাৰ
    উন্মাদনাৰ অভিজ্ঞতাৰে
    পঙ্গু মানৱক সবল সংগ্ৰামী
    আৰু অগ্ৰগামী
    কৰি নোতোলা কিয়….

    ব্যক্তি যদি ব্যক্তি কেন্দ্ৰীক
    সমষ্টি যদি ব্যক্তিত্বৰ অহিত
    তেনে শিথিল সমাজক
    নাভাঙা কিয়,
    তুমিয়েই যদি ব্ৰক্ষ্মৰে পুত্ৰ
    সেই পিতৃত্ব তেনে নামমাত্ৰ
    নহ’লে প্ৰেৰণা নিদিয়া কিয়,
    উন্মত্ত ধৰাৰে কুৰুক্ষেত্ৰৰে
    শৰশয্যাকে আলিংগন কৰা
    ভীষ্মৰূপী অজস্ৰ বীৰক
    জগাই নোতোলা কিয়….

    বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে
    হাহাকাৰ শুনিও নিশব্দে নিৰৱে
    বুঢ়া লুইত তুমি
    বুঢ়া লুইত বোৱা কিয়,
    বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে
    হাহাকাৰ শুনিও নিশব্দে নিৰৱে
    বুঢ়া লুইত তুমি
    বুঢ়া লুইত বোৱা কিয়….
  • Bistirna parare asankhya janare
    Hahakar sunio nishabde nirabe
    Burha luit tumi
    Burha luit boa kiyo,
    Bistirna parare asankhya janare
    Hahakar sunio nishabde nirabe
    Burha luit tumi
    Burha luit boa kiyo,

    Naitikatar skhalan dekheo
    Manabatar patan dekheo
    Nirlajja alash bhabe boa kiyo….

    Gyanbihin nirakharar
    Khadyabihin nagarikar
    Netritabihinatat nimat kiyo,
    Sahasra barisar
    Unmadanar abhigwatare
    Pangu manabak sabal sangrami
    Aru agragami
    Kari notola kiya….

    Byakti jadi byakti kendrik
    Samasti jadi byaktitar ahit
    Tene sithil samajak
    Nabhanga kiyo,
    Tumiyei jadi Brahmare putra
    Sei pitritwa tene naam matra
    Nahale prerana nidiya kiyo,
    Unmatta dharare kurukhetrare
    Sarasajyake alingan kara
    Bhismarupi ajasra beerak
    Jagai notola kiyo….

    Bistirna parare asankhya janare
    Hahakar sunio nishabde nirabe
    Burha luit tumi
    Burha luit boa kiyo,
    Bistirna parare asankhya janare
    Hahakar sunio nishabde nirabe
    Burha luit tumi
    Burha luit boa kiyo..

No comments:

Post a Comment