Friday, April 1, 2011

পাখি লগা মনে

পাখি লগা মনে,
কিয় বাৰে বাৰে
তোৰে কাষলে গুচি যায়,
অ’ অ’ অ’ অ’…..
অ’ অ’ অ’ অ’…..
তোৰে কথা ভাবি
উকা উৰুঙা লাগে,
একে থিৰে ক’ৰবালে চাই,
অ’ অ’ অ’ অ’…..
অ’ অ’ অ’ অ’…..
নপৰেনে মনতে
তাহানিৰে কথাবোৰ
ধূলি-মাকতিৰে খেলা
লুকা-চুৰি, ৰজা-দৌল,
এইটোনো কাৰ দৌল?
ৰজাৰ দৌল,
ভাঙিমনে নাভাঙিম?
নাভাঙিবা…..
অ’ অ’ অ’ অ’…..
হাৰিলেই যে পেছ্ ধৰা,
জিকিলেই যে কিৰিলি পৰা,
ঢাপলি মেলি ফুৰা,
উজুটিত চকুলো সৰা,
পলক জপাওঁতেই
সকলো সলনি,
সময় পাৰে হৈ
সকলো পূৰণি,
বিছাৰিলেও নোপোৱা
অ’ অ’ অ’ অ’…..
অ’ অ’ অ’ অ’…..
দূৰে দূৰে থাকিব
কাহানিবা লাগিব,
তোকে এৰি জাননে
নোৱাৰো যে ভাবিব,
ৰজাই হুকুম দিছে
এদিন ছেদিম বাঈ,
কি হুকুম দিছে?
এদিন ছেদিম বাঈ,
অ’ অ’ অ’ অ’…..
ৰজা ৰাণী খেলোতে
হাতে হাত ধৰোতে,
ভবা যে নাছিলো জান
এৰিবই নোৱাৰিমে,
ধেমালীতে খেলা,
ৰজা-ৰাণী হোৱা,
মচিব সঁচাকে,
কাহানিও নোৱাৰা,
তয়ো ভাবনে এতিয়া
অ’ অ’ অ’ অ’…..
অ’ অ’ অ’ অ’…..
পাখি লগা মনে,
কিয় বাৰে বাৰে
তোৰে কাষলে গুচি যায়,
অ’ অ’ অ’ অ’…..
অ’ অ’ অ’ অ’…..
তোৰে কথা ভাবি
উকা উৰুঙা লাগে,
একেথিৰে ক’ৰবালে চাই
অ’ অ’ অ’ অ’…..
অ’ অ’ অ’ অ’…..
অ’ অ’ অ’ অ’…..
অ’ অ’ অ’ অ’…..

No comments:

Post a Comment