Friday, April 1, 2011

আগলী বাঁহৰে

অ’ অ’ অ’ অ’…..
হেই……
আগলী বাঁহৰে গগণা বজাওঁ,
মাতে লাহৰী-লাহৰীকৈ,
দেখিবৰে পৰা তোমাকে চাওঁ,
চকু নাযায় আন কালৈ,
লগৰী বোলোনে কোৱানা,
ঘোমটিৰ বেলাতে চিকুণী সপোনে,
তোমাক আনি বুকুতে থয়;
হেই……
আগলী বাঁহৰে গগণা বজাওঁ,
মাতে লাহৰী-লাহৰীকৈ,
দেখিবৰে পৰা তোমাকে চাওঁ,
চকু নাযায় আন কালৈ,
লগৰী বোলোনে কোৱানা,
ঘোমটিৰ বেলাতে চিকুণী সপোনে,
তোমাক আনি বুকুতে থয়;
হেই……
আগলী বাঁহৰে গগণা বজাওঁ,
মাতে লাহৰী-লাহৰীকৈ…..
ফুটুকীয়া সেই ফৰক চোলাটিৰে
তোমাক পাইছিলো ল’ৰালিত,
ফলি-কিতাপ লৈ বহিছিলা সোণ,
পাঠশালাৰে বাকৰিত,
ফুটুকীয়া সেই ফৰক চোলাটিৰে
তোমাক পাইছিলো ল’ৰালিত,
ফলি-কিতাপ লৈ বহিছিলা সোণ,
পাঠশালাৰে বাকৰিত,
সেঁচুকি থৈ যায় অতীতে,
হাতে বাওলি সোঁৱৰণে মাতে
মনটো যায় নিতে গাঁৱলৈ,
হেই…..
আগলী বাঁহৰে গগণা বজাওঁ,
মাতে লাহৰী-লাহৰীকৈ…..
চতীয়না জোপা একেই আছেনে,
তোমাৰ নঙলা মুখতে,
দুয়োৰে শৈশৱ লগতে ৰাখি থৈ
কুক-ভা এতিয়াও খেলানে??
চতীয়না জোপা একেই আছেনে,
তোমাৰ নঙলা মুখতে,
দুয়োৰে শৈশৱ লগতে ৰাখি থৈ
কুক-ভা এতিয়াও খেলানে??
নৈপৰীয়া বা ৰুণ্ জুণ্
উভটি আহিছো আপোন গাঁৱলৈ
আছা হ’বলা বাটে চাই…..
হেই……
আগলী বাঁহৰে গগণা বজাওঁ,
মাতে লাহৰী-লাহৰীকৈ,
দেখিবৰে পৰা তোমাকে চাওঁ,
চকু নাযায় আন কালৈ,
লগৰী বোলোনে কোৱানা,
ঘোমটিৰ বেলাতে চিকুণী সপোনে
তোমাক আনি বুকুতে থয়;
হেই……
আগলী বাঁহৰে গগণা বজাওঁ,
মাতে লাহৰী-লাহৰীকৈ…..
দেখিবৰে পৰা তোমাকে চাওঁ,
চকু নাযায় আন কালৈ,
লগৰী বোলোনে কোৱানা
ঘোমটিৰ বেলাতে চিকুণী সপোনে
তোমাক আনি বুকুতে থয়;
হেই……
আগলী বাঁহৰে গগণা বজাওঁ,
মাতে লাহৰী-লাহৰীকৈ…..

No comments:

Post a Comment